BEEKSHAN
The Philosophical Journal of Jagannath Barooah University since 1999
বীক্ষণ বাৰ্তা
বীক্ষণ ?? অনুবীক্ষণ নেকি? হয়। দূৰবীক্ষণ নেকি? হয়। নিৰীক্ষণ, পৰীক্ষণ-পর্যবেক্ষণৰ সমাদৰি বৈজ্ঞানিক দৃষ্টি, বিশ্লেষণ, সংশ্লেষণ, নিগমন, আগমন সকলো সামৰি লৈ --- বীক্ষণে কৰিব খোজে ---'প্রজ্ঞা’ত বুৰ মৰা প্ৰজন্মৰ সৃষ্টি। মহা মহা চিন্তানায়কৰ চিন্তা পথত পোৱা জগত বীক্ষা আৰু জীৱন বীক্ষণ আৰু হ'ব --- জগতত জীৱনৰ প্ৰমূল্য সন্ধানী বিতৰ্ক আৰু বিচাৰৰ থলী। বিতর্কত আলোকিত খণ্ড দৃশ্য অতিক্রমি, বীক্ষণ আগুৱাব অভিমত অতিক্রমি প্রজ্ঞাক উদ্দেশ্যি। উজনিৰ জ্ঞান-মন্দিৰৰ অতীত গৰিমাৰাজি শ্ৰদ্ধাৰে সুঁৱৰি বীক্ষণে প্ৰচাৰিব প্রজ্ঞাশ্রয়ী সংস্কৃতিৰ বাটৰ বাতৰি প্রয়াসীৰ সহযোগ পথৰ সাৰথি । -------- বীক্ষণৰ অভিপ্ৰায় শান্তি আৰু সৃষ্টি অন্ধ বিজ্ঞানক দিয়ে দৰ্শনৰ দৃষ্টি।